পৃষ্ঠা:বিশ্বাসৰ বনানীকৰণ.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰিণতি
(শ্ৰদ্ধাৰে শ্ৰীমতী ইৰম শৰ্মিলাৰ হাতত।)

অনন্ত আকাশৰ তলত ৰৈ
জোন-বেলি তৰাৰ দুৰ্বোধ্য খেল চাই মুগ্ধ হওঁ

তথাপি আকাশৰে বিদ্ৰোহ কৰোঁ
আকাশৰ মেঘৰ পৰাই বান-বাৰিষা হয়
বানত মোৰ ঠিকনা হেৰায়

বানৰ বিৰুদ্ধে যুঁজিব নোৱাৰোঁ
বান প্ৰতিৰোধী প্ৰতিবাদ কৰোঁ

সৰু মাতবোৰৰ একতা দেখি মেঘ গৰজি উঠে
মেঘৰ বজ্ৰ কঠিন মাতত সৰু মাতবোৰ তল পৰে

পৰাজয় সৰু মাতৰ সনাতন স্বীকৃতি!

প্ৰকাশঃ দৈনিক অসম, দেওবাৰ, ০৪-১২-২০১৬