পৃষ্ঠা:বিশ্বাসৰ বনানীকৰণ.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

একলব্য


প্ৰেৰণাই যাক স্পৰ্শ কৰিব নোৱাৰে
অ-প্ৰেৰণাই সহজে অতিক্ৰম কৰে

বঞ্চনাৰ সমান প্ৰেৰণা নাই
যি গুৰুৰ মন্ত্ৰণাতকৈ শ্ৰেষ্ঠ

সত্যই শেষ
সত্যই সনাতন
তথাপি সত্যৰ তিষ্ঠি থকাৰ যুঁজ

সত্যৰ অপপ্ৰয়োগ হৈছে।

শ্ৰেষ্ঠতা জীৱনৰ ধৰ্ম,
মোৰ কুলত শ্ৰেষ্ঠ পুৰুষ নাই
সাত পুৰুষৰ আশাটিক দেউতাই মাৰ গৰ্ভত ৰোপণ কৰিছিল
শেষত শ্ৰেষ্ঠতাৰ সাধনা কৰাটোৱেই মোৰ কাল হ’ল

বিধিয়ে দিলে, বিধাতাই নিদিলে।

যাক ধৰ্মৰ জীৱন্ত মূৰ্তিৰূপে পূজা কৰিছিলো
তেওঁৱেই মোক অধৰ্মৰ পথ দেখুৱালে

দুয়োজনে কালিলৈ ধৰ্ম যুদ্ধত অৱতীৰ্ণ হ’ম
তেওঁৰ বাবে ধৰ্ম হ’ব
মোৰ বাবে অধৰ্ম হ’ব

হে মহান
মোক গৰ্ভতে নষ্ট কৰি দিয়াহেঁতেন
মোৰ বাবে তুমি গ্লানি সহিব নালাগিলেহেঁতেন!

প্ৰকাশ : বাঁহী, ৩১-০৭-২০১৬

৩৪॥ বিশ্বাসৰ বনানীকৰণ