পৃষ্ঠা:বিশ্বাসৰ বনানীকৰণ.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চকাৰ চেপাত পথৰ অঘৰী শিল বাগৰি ফুৰে
শিল কেতিয়াও ব্যৱহাৰ নহয় নিজৰ ব্যৱহাৰত
শিল কাটি ভাস্কৰে শিলক নামজাদা কৰে
সেইনামৰ বুকুত হেৰায় শিলৰ আদি নাম
হাতৰ যোনিত শিলে লভে নৱ জীৱন (দান নামৰ নাম)

 ‘গণতন্ত্ৰ’ নামৰ এটি চাৰিশৰীয়া চুটি কবিতাত কবিয়ে স্বাধীনতাৰ স্বপ্ন, স্বপ্নভংগৰ বেদনা ব্যঞ্জনাময় ভাষাৰে প্ৰকাশ কৰিছে। যিসকল ব্যক্তিৰ ত্যাগৰ বঙিয়াৰে স্বাধীনতা আহিল, উত্তৰকালৰ মানুহৰ বাবে সেই ব্যক্তিত্বৰ প্ৰতি শ্ৰদ্ধাশীল বন্দনা চেতনাৰ পৰা অপসৃয়মান হোৱা, উৎসৱমুখী আনন্দৰ উছাহত আদৰ্শ নিফুট মাৰি ৰং ৰহইচত সীমাৱদ্ধ হোৱা অৱস্থাটোক কবিয়ে কটাক্ষ কৰিছে—

পতাকালৈ মূৰ তুলি সেৱা জনালোঁ
চৌদিশে হাততালিৰ জোৱাৰ উঠিল
খদ্দৰৰ আঁৰৰ বাপুজীক নেদেখিলোঁ
গণতন্ত্ৰ নিৰ্দিষ্ট উৎসৱ হৈ পৰিল (গণতন্ত্ৰ)

 কবিতাৰ স্বৰূপ সম্বন্ধে বিচাৰ-বিশ্লেষণৰ অন্তহীন পৰম্পৰাটোত শেষ কথাষাৰ এতিয়ালৈকে কোনোৱে কৈ দিব নোৱৰাৰ আচল কাৰণটো হ’ল যুগভেদে ইয়াৰ বিষয়, ভাব আৰু আংগিকৰ বিৱৰ্তন প্ৰক্ৰিয়াটো। সেয়ে হলেও আৰ্চিবল্ড মেকলিচৰ কথাষাৰে ভাল কবিতাৰ প্ৰতি আঙুলি টোঁৱাবলৈ উৎসাহিত কৰে⸻ ‘poetry should not mean, but be.’ কবিতাই পোনপটীয়াকৈ ক’বলৈ বিচাৰিলে ইয়াৰ সৌকৰ্য বহুখিনি ম্লান হয় বুলি ভবা হয়। বিশেষকৈ বীজৰ সন্ধানত ঔৰ বাকলি গুচোৱাৰ নিচিনাকৈ কেইবাতৰপীয়া অৰ্থব্যঞ্জনাসমৃদ্ধ কবিতাই পাঠক-জিজ্ঞাসাক দিয়া উচটনিৰ অন্তত মৰ্মমূল আৱিস্কাৰৰ আনন্দই বেলেগ। অৱশ্যে এইকথাও একেসময়তে উল্লেখনীয় যে কবিৰো যেনেদৰে পৰ্যায় আছে, পাঠকৰ পৰ্যায় আছে। এজন জনপ্ৰিয় কবি একে সময়তে কবিতাৰ মাটি-বুদ্ধিৰ সৈতে সম্পৰ্কিত পাঠক-সমালোচকৰ ওচৰত উপেক্ষিত হোৱাটোও সাধাৰণ কথা। সেইদৰে সমালোচক সমাদৃত কাব্যকাৰ পাঠক বিমুখ হোৱাটোও স্বাভাৱিক কথা। কাব্য-চৰ্চাৰ বেলিকা এজন কবিয়ে এই দৃষ্টিকোণৰ প্ৰতিও সচেষ্ট হোৱা দৰ্কাৰ।

 আপোন অনুভৱ প্ৰকাশৰ বেলিকা মৰাণে সততা, নিষ্ঠা আৰু ঐকান্তিকতাক মূলধন কৰি লৈছে যদিও অনুভৱক জগতৰ চোতালত মেলি ধৰাৰ সময়ত প্ৰয়োজনীয় হোৱা নিৰ্মাণৰ প্ৰতি দৃষ্টিপাত কৰাটো অতি প্ৰয়োজনীয়।