পৃষ্ঠা:বিশ্বাসৰ বনানীকৰণ.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ‘বনানীকৰণ’ৰ আভিধানিক অৰ্থ হ’ল পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰি ভূমি ক্ষয় ৰোধ কৰাৰ উদ্দেশ্যে গছ ৰোপন কৰি হাবি সৃষ্টি কৰা কাৰ্য। এনে কাৰ্যৰ অনিবাৰ্যতাও নিৰ্ণীত হয় নিৰ্বনানীকৰণ অথবা অৰণ্য ধ্বংসৰ ফলশ্ৰুতিত৷ কাব্য সংকলনটিৰ শিৰোনাম ‘বিশ্বাসৰ বনানীকৰণ’ৰ অন্তৰালতে অনুৰূপ লক্ষণাৰ্থৰ উজাৰি-লুকুৱা ইংগিত সহজতেই বোধগম্য হয়। ’বিশ্বাস’, যাৰ আধাৰত ৰক্ষিত হয় সামাজিক আন্তঃসম্পৰ্ক, পাৰস্পৰিক নিৰ্ভৰশীলতা মানুহৰ ওপৰত মানুহৰ আস্থা সেই বিশ্বাস আজি নিবৰ্নীকৰণ সদৃশ— ধ্বংসমুখী, বিপৰ্যস্ত। জটিল জীৱন চৰ্যাত ব্যস্ত উত্তৰাধুনিক মানুহে বহু কিবা লভিও হেৰুৱাইছে মানুহৰ ওপৰত থকা চিৰন্তন বিশ্বাস। কিবা এক অনামী অসহিষ্ণুতা, চূড়ান্ত আত্মকেন্দ্ৰিকতা, সফলতাৰ বাট বিচাৰি নিগনি চঞ্চল দৌৰে মানুহৰ একাকীত্ব আৰু নিঃসঙ্গতাক বেচি ঘনীভূত কৰিছে। মূৰৰ ওপৰৰ পৰা যেন হেৰাই গৈছে আস্থাৰ ছাদখন, কান্ধৰ পৰা পিচলি পৰিছে বিশ্বাসৰ হাতখন। এনে পৰিমণ্ডলত মানৱীয়তাক বৰ্তাই ৰখাৰ স্বাৰ্থতেই বিশ্বাসৰ বনানীকৰণ অতি অপৰিহাৰ্য হৈ উঠিছে। সময়োপযোগী এই সদৰ্থক চিন্তাকে কাব্যভাষাৰ উপযোগী কৰি কবি গুণ মৰাণে প্ৰায় তিনিকুৰিৰ অধিক কবিতাত তেওঁৰ চেতনাৰ অভিব্যক্তি ঘটাইছে।

 ভাব প্ৰকাশৰ সহজ মাধ্যম হিচাপে কবিতাকে বাচি লৈ কাব্য চৰ্চাৰ বাবে অসমীয়া কবিতাৰ জগতত অনেক প্ৰৱণতাৰ হেতাওপৰাৰ মাজত গুণ মৰাণে কবিতা লেখা কামটো চিৰিয়াচ ভাবে গ্ৰহণ কৰাৰ উমান কবিতাখিনিৰ পঠন অভিজ্ঞতাই দিছে।

 কবিতা লিখা কামটো কেৱল শব্দৰ চুপতিতে যে সীমাৱদ্ধ নহয় সেয়া অনুধাৱন কৰিবলৈকো কবি সচেষ্ট হৈ উঠিছে। ’শব্দতকৈ চাৱনি মোৰ প্ৰিয়’ বোলোতে মৌনতাৰ যি অবাংময় প্ৰকাশ আৰু শব্দহীনতাৰ শব্দৰ গুৰুত্ব স্বীকাৰ কৰা হৈছে। প্ৰেম, ভালপোৱা, ঘৃণা-বিদ্বেষ প্ৰকাশৰ বাবে মানুহে ব্যৱহাৰ কৰা শব্দ দৰাচলতে বক্তাৰ প্ৰকৃত মানস প্ৰকাশৰ বাবে অক্ষম। শব্দৰেও(কথাৰে) মানুহে প্ৰকৃততে আপোন হৃদয়বৃত্তিক ঢাকিবলৈ প্ৰয়াস কৰে। কিয়নো তাকে নকৰিলে সন্মুখত থকাজনৰ ওচৰত ধৰা পৰাৰ সম্ভাৱনাই অধিক। সেয়ে মানুহৰ অন্তৰ্ধ্বনি হৃদয়ংগম কৰিবৰ বাবে শব্দতকৈ প্ৰয়োজন নৈঃশব্দ্যৰ —শাৰীৰিক অভিব্যক্তি, আচৰণ নিৰীক্ষণৰ; যাৰ দ্বাৰা বিচৰণ কৰিব পাৰি অন্তৰৰ অন্তেষপুৰত—

কৈ আছা মনে মনে
শুনি আছোঁ নীৰৱে যিদৰে
শব্দৰে খেলো নিতৌ এইদৰে (কোনজন পাঠকৰ প্ৰিয়কবি তেওঁ)

 মৰাণৰ কাব্যানুভৱৰ প্ৰকাশৰীতি সৰল আৰু মনোগ্ৰাহী। আপাত দৃষ্টিত তেনেই সাধাৰণ যেন লগা সকলোৱে জনা কথা এষাৰকে সাধাৰণ ভাবে উপস্থাপন কৰি তেওঁ পাঠকৰ চেতনাক উচটাবলৈ যত্ন কৰে অসাধাৰণ অভিব্যক্তিৰ পিনে—