পৃষ্ঠা:বিশ্বাসৰ বনানীকৰণ.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰতিনিধি


মই
মই নহয়

মই মাথো সময়ৰ প্ৰতিনিধি

মই যি কৰিছোঁ
মই কৰা নাই
সময়নিষ্ঠাৰ প্ৰতিদান পাইছোঁ

মই যি কৰা নাই
নকৰোঁ বুলি থৈ দিয়া নাই
সময়ন্তি নোহোৱাৰ প্ৰতিফল পাইছোঁ

দুই হাত দুই ভৰি
কালাতিপাতৰ অংশীদাৰী
কালত্ৰয়জ্ঞ হ’ম নে ল’ব পাৰি বাছি

মই নিজকে মই বুলি দাবী কৰিব নোৱাৰোঁ
মই মাথো সময়ৰ প্ৰতিনিধি

 

প্ৰকাশ : শ্ৰীময়ী, ১০-০৭-২০১৬

বিশ্বাসৰ বনানীকৰণ॥ ২১