পৃষ্ঠা:বিশ্বাসৰ বনানীকৰণ.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জীৱন বুৰঞ্জীৰ পাঠক

আহিবাচোন, আহিবা এপাক
কথা অলপ পাতিবলগীয়া আছে।

থাকিব পাৰে অজস্ৰ বন্ধুবান্ধৱ
অথবা পুত্ৰ-পত্নী, নাতি-বোৱাৰী সহিতে এখনি পৰিপূৰ্ণ সংসাৰ
তথাপি সকলোকে ক'ব নোৱাৰি
মনৰ কথাবোৰ
সকলোৱে বুজিও নাপায়

আপোন মানুহ বহুত থাকে
প্ৰিয় মানুহ পাবলৈ নাই

জীৱন মানেই এখন জীয়া বুৰঞ্জী
প্ৰিয় মানুহজন একান্ত পাঠক

মনৰ কথাবোৰ বুকুত দম্ বান্ধি থাকে
প্ৰিয় মানুহে বুকুৰ বান্ধ খুলি দিয়ে
শৰতৰ আকাশৰ দৰে বুকুখন নিৰ্মল আৰু পাতল হৈ পৰে

বক্তাজনৰ সাদৰ নিমন্ত্ৰণ ৰক্ষা কৰি এদিনৰ এঘণ্টা পাৰ কৰোঁ
কথাত কথা বাঢ়ে
নিষ্ঠুৰ সময়ে বিদায়-সংকেত দিয়ে

চৌদিশে মানুহ আৰু মানুহ
অথচ প্ৰিয় মানুহ বিচাৰি ফুৰোঁ
কথাবোৰ ভাবি আহোঁতে দীঘলীয়া বাট চমু হৈ পৰে
প্ৰকাশঃ সদৌ অসম কবি সন্মিলনৰ নতুন কবিতা, অক্টোবৰ ২০১৬

 বাঁহী, ১৮/১২/২০১৬

বিশ্বাসৰ বনানীকৰণ॥ ৭৫