পৃষ্ঠা:বিশ্বাসৰ বনানীকৰণ.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কবিতা


কবিতা লিখি কোনো কবি সুখী হ’ব নোৱাৰে
নহ’লে জানো এটাৰ পিচত আন এটা লিখি থাকে

কবিতাৰ পেট পায় কোনে
কবিতাৰ পেট নেপায় কোনে

নজনাকৈ যিমান লিখিলোঁ
জনাৰ পিচত লিখিব নোৱৰা হ’লোঁ

কিয় ধাৰাবাহিকভাৱে লিখি আছোঁ
আজিলৈকে বুজি নাপালোঁ
কবিতাৰ বিষয়ে বহলাই বুজাই দিব নোৱাৰি

বিশ্বাসৰ বনানীকৰণ॥ ৩৯