পৃষ্ঠা:বিশ্বাসৰ বনানীকৰণ.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মহিলাই মহিলাৰ লগত ইমান কথা পাতে

মহিলাই মহিলাৰ লগত জুম বান্ধি কথা পাতে
ফু্চ্‌ফুচিয়া কথাৰ মাজত খিল্‌খিল্‌কৈ হাঁহে
নেদেখা ছবি এখন সজীৱ হৈ উঠে

সুখী কোন
দুখী কোন
কোনেও কাকো নোসোধাকৈ বুজিবলগীয়াটো বুজি লয়

ৰাণীৰ উজ্জ্বল মুখচন্দ্ৰই মৌ-মাখিক কৰ্ম প্ৰেৰণা দিয়ে
ৰাণীক মাজত লৈ মৌ-কোহ সাজি
সিহঁতে
ৰাণীৰ সংস্পৰ্শত নিজৰ দুৰ্ভাগ্যক পাহৰি গুণ্‌গুণাই থাকে

৭০ বিশ্বাসৰ বনানীকৰণ।