পৃষ্ঠা:বিশ্বাসৰ বনানীকৰণ.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিশ্বাসৰ বনানীকৰণ


বিশ্বাস কৰিলেই বিশ্বাসী হ’ব পাৰি
বিশ্বাস বিশ্বাসৰ আধাৰ

যুগে যুগে বিশ্বাসৰ পূজা কৰি আহিছো
নাম দিছো বেলেগ বেলেগ

আজুককাৰ শিলপূজাৰ আঁৰত বিশ্বাস লুকাই আছিল
মঞি মুঢ়মতি নাজানো বিশ্বাসৰ বিচিত্ৰ ভকতি

তুমি প্ৰথমে মোক বিশ্বাস কৰা
ময়ো প্ৰথমে মোক বিশ্বাস কৰোঁ
বিশ্বাস্য নোহোৱাকৈ আনৰ বিশ্বাসপাত্ৰ হব নোৱাৰি

বিশ্বাসৰ বনানীকৰণ॥ ৪৫