পৃষ্ঠা:বিশ্বাসৰ বনানীকৰণ.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মনোভাৱ

পেটত ভোক
মনত শোক
লগত
তোমাৰ মনোভাৱ,
মাজত মোৰ যাত্ৰা
যেন
চাঙৰ ওলমি থকা লাও মই

ওপৰত পাত
তলত ফল
ফলৰ প্ৰশংসা পাতে নসহে

ফলৰপৰা গছ
গছৰপৰা পাত
পাতৰ ত্যাগক ফলে নাপাহৰে,

পাতৰ অহংকাৰত ফল সৰি পৰে
বাটৰুৱাই ততালিকে বুটলি লয়
পাতে তাকো সহ্য় নকৰে

ফল পকে
ৰ’দত
পাত শুকাই সৰি পৰে
বতাহে শুকান পাতক দূৰলৈ উৰুৱাই নিয়ে

পাতৰ অৱৰ্তমানত ফল জিলিকি উঠে
পাতে ফলক গোৰ মাৰি গঙ্গাত পেলায়

প্ৰকাশ : বাঁহী, ১৫-০৫-২০১৬

বিশ্বাসৰ বনানীকৰণ। ৬৫