পৃষ্ঠা:বিশ্বাসৰ বনানীকৰণ.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰেম শাম কটা সময়

প্ৰেমত পৰাৰ সময়ত
প্ৰেমত পৰাৰ চেষ্টা কৰা নাছিলোঁ

প্ৰেমত পৰাৰ পিছত
প্ৰেমত পৰি থকাৰ চেষ্টা কৰিছোঁ

উৎসাহ দিছোঁ
প্ৰেৰণা দিছোঁ
হাতত হাত ধৰি
পাহাৰ ভৈয়াম্ বগাই ফুৰিছোঁ

ভালপোৱাৰ ঠিকনা বিচাৰি
ক’ত ঘূৰি ফুৰা নাই?

জীয়াই থাকিবলৈ ভালপোৱা লাগিবই
আহা ভালপোৱাৰ চেষ্টা কৰোঁ
চেষ্টাৰ অসাধ্য একো নাই।

বিশ্বাসৰ বনানীকৰণ ৬৩