পৃষ্ঠা:বিশ্বাসৰ বনানীকৰণ.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গৰু ছাগলীয়েও মোক চিনি পায়


অজান প্ৰাণীৰ চকুৰে শোকৰ পানী নিগৰি থাকে
তেনে চকুলোৰ অৰ্থ কি হ’ব পাৰে

মৰমৰ নাম দি ছাগলীজনীক মাতো
তাই লাহে লাহে কাষ চাপি আহি মোৰ হাতৰ তলুৱাৰ বুট খায়
গোহালিৰ গৰুকেইটাৰ পিঠি মোহাৰি মৰম কৰোঁ
সিহঁতে মোৰ ককাঁলত মৃদু খুন্দা মাৰি গাত চেলেকি দিয়ে

জীৱৰ মাজত পাৰ্থক্য নাথাকে
অবুজ প্ৰাণীয়ে স্ব-ধৰ্ম ৰক্ষা কৰি মোৰ উপকাৰ কৰি আহিছে
ঘাঁহ খাবলৈ নাপালেও মোৰ অন্যায় নকৰে
সিহঁতক কাটি-মাৰি মইহে ভক্ষণ কৰিছোঁ

মোৰ নিষ্ঠুৰতাক সিহঁতে মুখ খুলি নকয়
তাৰ সলনি বাটে-পথে থিয় হৈ চকুলো টুকি ফুৰে
মই মানুহটো কেনে প্ৰকৃতিৰ হওঁ
গৰু ছাগলীয়েও মোক চিনি পায়

বিশ্বাসৰ বনানীকৰণ ॥ ৪৩