পৃষ্ঠা:বিশ্বাসৰ বনানীকৰণ.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সুখী

ইমানদিন
দুখত মজি থাকিলোঁ
দুখ কি বুজি নাপালোঁ

আজিৰ পৰা নিজৰ দুখত দুখী নহওঁ
মোৰ দুখেই শেষ দুখ নহয়

মোৰ দুখখিনি সমাজক দিলোঁ
সমাজৰখিনি মোৰ কৰি ললোঁ
এতিয়া মোৰ সমান সুখী নাই

সমাজৰ সুখত হাঁহো
সমাজৰ দুখত কান্দো

নিজৰ বুলিবলে’
সুখো নাই
দুখো নাই

মই ব্যক্তিগত সুখ-দুখৰ অতীত হৈ পৰিছোঁ

৭২ বিশ্বাসৰ বনানীকৰণ