পৃষ্ঠা:বিশ্বাসৰ বনানীকৰণ.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিশ্বাসৰ বনানীকৰণ :
পঠন অভিজ্ঞতা আৰু কথঞ্চিৎ

ৰাজীৱ বৰা

বিশিষ্ট কবি

 কোনো এটা ভাষাৰ কাব্য-পৰম্পৰাত ঐতিহ্যৰ উত্তৰাধিকাৰীৰূপত আবিৰ্ভাৰ হোৱা তৰুণ কবিসকলৰ কাব্য-চিন্তাৰ ওপৰতেই বহুলাংশে সংশ্লিষ্ট ভাষাটোৰ কাব্য সাহিত্যৰ সমৃদ্ধি বা সাধাৰণ ভাবে ক’বলৈ গ’লে কবিতাৰ ভৱিষ্যৎ নিৰ্ভৰ কৰে। কিছু ক্ষেত্ৰত তৰুণ কবিসকলৰ কোনোবাজন ঐতিহ্যৰ পোনপটীয়া অনুসৰণকাৰী নহৈ অভিনৱ চেতনা-সমৃদ্ধিৰো বাহক হৈ উঠিব পাৰে। পিছে, ঐতিহাসিক কাব্য-বিচাৰৰ বেলিকা তেওঁলোককো ঐতিহ্য-প্ৰৱাহৰ আধাৰতেহে বিচাৰ কৰা হ’ব, য’ত পৰম্পৰাৰ মাজতে সেই অভিনৱ বাটবোৰো স্পষ্ট হৈ পৰিব। সেয়ে অসমীয়া তৰুণ কবিসকলৰ গ্ৰন্থৰূপত বাংময় হোৱা কাব্যকণ্ঠ অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচনাযোগ্য, যদিহে কবিজনে তাক সৎ প্ৰচেষ্টা হিচাপে গণ্য কৰে।

 কবিতাৰ মৰ্মমূলত থকা বোধ-সৌধটোৰ কৰাপাট আবেগ বা সংবেদনশীলতা হোৱাৰ বাবেই দেশ বা ৰাজ্য এখনৰ ৰাজনৈতিক অস্থিৰতা,দূৰ্নীতিগ্ৰস্ত সমাজ ব্যৱস্থা, অৰ্থনৈতিক বৈষম্য, হত্যা, সন্ত্ৰাস আৰু সংঘৰ্ষজৰ্জৰ পৰিমণ্ডলত কবি আৰু কবিতাৰ সংখ্যাও অধিক হয়। অৱশ্যে এনে প্ৰেক্ষাপটতো কবিসকলে দুটা বাট লয়—উল্লিখিত অৱস্থাটোক আঘাত কৰিবৰ বাবে প্ৰতিবাদী কণ্ঠ আৰু অন্যটো হ’ল আত্মমগ্নতাক গ্ৰহণ কৰি বিষয়ভিত্তিক কবিতা ৰচনাত মনোনিৱেশ। অৱশ্যে দুয়োটাৰে সংশ্লেষণত সৃষ্টি হোৱা তৃতীয় বাট এটাও থাকে। আত্মমগ্নতা আৰু সমাজবিক্ষণীয় শিহৰণ এই দুয়োটাৰ সংশ্লেষণৰ তৃতীয় বাটটোৰে খোজ বুলিবলৈ এক প্ৰৱণতা অনুভৱ কৰা যেন বোধ হ’ল গুণমৰাণৰ কবিতাখিনি পঢ়ি। কিয়নো তেওঁ কবিতা পুথিখনৰ নামকৰণৰ ব্যঞ্জনা আৰু ভালেকেইটা কবিতাৰ অনুষংগই সাম্প্ৰতিক দুৰ্নীতিগ্ৰস্ত সমাজ,ৰাজনৈতিক অৱস্থা, সাংস্কৃতিক বিপৰ্যয় আদি বিষয় সামৰি লৈছে। সেইদৰে কেইবাটাও কবিতাৰ উপজীব্য হৈছে একান্ত ব্যক্তিগত অনুভৱ আৰু কিছুপৰিমানে বিষয়ভিত্তিক বৰ্ণনা।