পৃষ্ঠা:বিশ্বাসৰ বনানীকৰণ.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এযুগ


আহিল সময়
গ’ল সময়
থৈ দিব নোৱাৰিলোঁ
সময়ক বান্ধি

তাহানিৰ সুহৃদক দেখিলোঁ অকস্মাৎ
সাগৰৰ মাণিক বাটতে পালোঁ

কথাৰ ফাঁকত কথা লেখিলোঁ
আগৰ মানুহজন এইজন নহয়
দেখিয়েই লাগিল বেথা

সোঁতৰ মুখত ৰৈ পানচৈ মেলিলোঁ
দুয়ো ল’লো এমোনাকৈ অতীত

অনামী বেদনাই গেজেককৈ বিন্ধিলে
ক’লৈ যাওঁ কি কৰোঁ লাগিল

যোৱাজন গ’লগৈ
বিষন্ন মনেৰে
ময়ো নাথাকিলো ৰৈ

সজা নহ’ল ঘৰটো
পিন্ধা নহ’ল চোলাটো
খাবলৈও সৰিল দাঁত
দেহিঐ
এনেকৈয়ে এটা যুগ পাৰ হৈ গ’ল

প্ৰকাশ : শ্ৰীময়ী, ২৫-০৯-২০১৬

বিশ্বাসৰ বনানীকৰণ॥ ৩৭