পৃষ্ঠা:বিশ্বাসৰ বনানীকৰণ.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কবি


মই প্ৰেমৰ প্ৰথম প্ৰেমিক
উদ্দীপক্ মোৰ সুষম আহাৰ
ভাৱনাৰ গৰ্ভত সিঁচি দিয়া
মোৰ সাৰ্বজনীন ঔৰসত ভূমিষ্ঠ হয়
ভালপোৱাৰ মৌলিক সংস্কৰণ্

উদাৰতাৰে সিক্ত এখন সঁচা অন্তৰ মোৰ বাসস্থান,
দিন-ৰাতি খুলি ৰখা নিৰ্মলতাৰ বাটচ’ৰাত বহি
ভাগৰুৱা পথিকে বিশুদ্ধ বায়ুপান কৰে;
মোৰ অহিংসাৰ কৰ্মশালাত ন্যায়ৰ প্ৰশিক্ষণ দি
পাৰ্থিৱ জীৱনৰ উত্তৰণৰ প্ৰমাণপত্ৰ দিওঁ

পানী পুং মোৰ চকু দুটাৰ নাম
কোনেও কাৰো অন্যায়-অবিচাৰ নকৰিলে,
সকলোৱে সুখ-শান্তিৰে জীয়াই থকা দেখিলে
মোৰ কলিজাৰ নিভৃত কোণৰ পৰা আনন্দৰ অশ্ৰু বৈ আহে
অশ্ৰুবোৰ নৈ হৈ বৈ যাবলৈ মোক অলপ ঠাই দিয়া

বিশ্বাসৰ বনানীকৰণ ॥ ২৩