পৃষ্ঠা:বিশ্বাসৰ বনানীকৰণ.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মৰম আকলুৱা ফুলবোৰ


অৱধাৰিতভাৱে ফুল ভাল পাওঁ
অথচ ফুলৰ জোখেৰে ফুলক ভাল পাব নোৱাৰোঁ

ভালপাওঁ
তোমাক
ভাল পায়েই থাকিম
নোৱাৰোহে কৰিব প্ৰতিক্ষণে ভালপোৱাৰ প্ৰকাশ
ফুল মোৰ হিয়া
বুজিবাচোন মোৰো মোল্

এষাৰি প্ৰাণৰ মাত
আৰু অলপ যতন
সিমান পালেই ফুলক নেলাগে একো
তাকো মই অনবৰতে দিব নোৱাৰো

বুকু উপচি মৰম শব্দময় হৈ পৰে
ফুলৰ ঠাৰিত ধৰি মৰম কৰি দিওঁ
আত্মা উৎফুল্ল হাঁহিৰে ফুল উজ্বলি উঠে

কাঁইটৰে কৰা অবিৰাম যুঁজত
বুকুৰ মৰম বুকুতে থাকি যায়
তাৰ মানে নহয় অ’ ফুল
তোমাৰ প্ৰতি মোৰ এলাহ বা অভিমান

ফুল মোৰ হিয়া
বুজিবাচোন দেই মোৰো মোল্

বিশ্বাসৰ বনানীকৰণ॥ ৩৫