পৃষ্ঠা:বিশ্বাসৰ বনানীকৰণ.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তিনিটা বান্দৰ আৰু মই

এটা বান্দৰে চকু মুদি কৈছিল-
বেয়া বস্তু নাচাবা।
আন এটা বান্দৰে মুখ বান্ধি কৈছিল-
বেয়া কথা নক’বা।
আৰু এটা বান্দৰে কাণ ঢাকি কৈছিল-
বেয়া কথা নুশুনিবা৷

মানুহ হৈ বান্দৰৰ কথা নুশুনিলোঁ।

নানা কৰ্ম কৰিলোঁ
বিভিন্ন দেশ-বিদেশ ভ্ৰমিলোঁ
অভিজ্ঞতাৰ নামত তথাকথিত পাপৰ জুতি ললোঁ

সকলোৰ শেষত মনটো বিষণ্ণ হৈ পৰিল
এতিয়া দেখোন এক অচিন অপৰাধবোধে মোক খেদি ফুৰে

কি কৰিলোঁ।
কি কৰিলোঁ
ভকতি নকৰিলোঁ
মায়া বাঘে খেদি খায়

শেষত অনুমান কৰিছোঁ-
মই ভুল ঠাইত জন্মিলোঁ
মই ভুল সময়ত জন্মিলোঁ
মই ভুলভাৱে জন্মিলোঁ

প্ৰকাশ : সম্ভাৰ, ২০-১১-২০১৬

বিশ্বাসৰ বনানীকৰণ। ৯