পৃষ্ঠা:বিশ্বাসৰ বনানীকৰণ.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গছে যেতিয়া কান্দে

সদায় নিজৰ চকুপানীহে দেখিছো
আজি গছৰ চকুলো দেখি মৰ্মাহত হৈছো

মনৰ উচপিচনিত কালি গছৰ ডাল এটা ভাঙিছিলো
ছিগি যোৱা অংশৰ পৰা আজি অহৰহ পানী নিগৰি আছে
মনত পৰিছে-
সিদিনা মই দুখ পাওঁতে মোৰো চকু পানী ওলাইছিল

মোৰ কৃতকৰ্মত দগ্ধ হৈ গছজোপাক সাৱটি ধৰিলোঁ
গছজোপাই মোক শাস্তি নিদি এচাটি নিৰ্মল বতাহহে উপহাৰ দিলে
নিৰ্দোষী গছে প্ৰতিহিংসা নকৰে

গছ পৃথিৱীৰ প্ৰিয় সন্তান
মানুহ নাথাকিলেও গছ থাকিব
পৃথিৱীত মানুহৰ প্ৰয়োজনীয়তা কিমান!

 

প্ৰকাশ : শ্ৰীময়ী, ২৭-১১-২০১৬</poem>

৫৮৷ বিশ্বাসৰ বনানীকৰণ