পৃষ্ঠা:বিশ্বাসৰ বনানীকৰণ.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 মৰাণে ভালেমান কবিতাত গ্ৰাম্য জীৱনৰ ভিন্ন অনুষংগক প্ৰধান আধাৰ কৰি লৈছে। শৈশৱৰ পৰা কালাতিপাত কৰা আপোন গাঁওখন আৰু কৰ্মসূত্ৰেও অভিজ্ঞতালব্ধ গ্ৰাম্য পৰিমণ্ডলে তেওঁৰ কাব্য প্ৰকাশক বহু পৰিমানে নিয়ন্ত্ৰিত কৰিছে। গাঁৱলীয়া মাত-কথা আৰু গ্ৰাম্য ভাষাটোত থকা দখলে তেওঁৰ কবিতাকো সেই সুৰীয়া হ’বলৈ উৎসাহিত কৰিছে। সেয়ে অসমীয়া ভাষাৰ কালিকাৰ প্ৰতিও তেওঁ সচেষ্ট হোৱা যেন অনুভৱ হয়। বিশেষকৈ লোক-জীৱনৰ সামীপ্য আৰু অভিজ্ঞতাই তেওঁক লোক-কথাক কাব্যিকৰূপ দিবলৈ উচটোৱা যেন লাগে। কিয়নো তেওঁৰ ভালেকেইটা কবিতাৰ অন্তৰালত কাহিনীধৰ্মীতা বিদ্যমান। ই অৱশ্যে কবিতা এটা পাঠকৰ ওচৰত প্ৰভাৱশালী হোৱাৰো অন্যতম লক্ষণ। এই ক্ষেত্ৰত ‘উদংমূৰীয়া ঘৰ, পশুধন আৰু ভাৰ-ভেটী', ...আদি কবিতালৈ আঙুলিয়াব পাৰি। তদুপৰি অসমৰ গাওঁবোৰত গত প্ৰায় পাঁচশ বছৰধৰি চলি থকা শঙ্কৰী ধৰ্ম-সংস্কৃতিৰ অলঙ্ঘনীয় প্ৰভাৱে মানুহৰ আচাৰত প্ৰোথিত কৰা ভকতীয়া ঠাচটোকে তেওঁ কবিতাৰ মাজত ধৰি ৰাখিবলৈ যত্ন কৰিছে আৰু তাকে কৰোতে আধ্যাত্ম চিন্তাৰ চিটিকনিও দুই-এটা কবিতাত নপৰাকৈ থকা নাই। ‘জীৱ’ শীৰ্ষক কবিতাটোত প্ৰকাশিত জীৱন জিজ্ঞাসাৰ উঁহটোও এনে চেতনাৰ পৰাই উৎসাৰিত। কিন্তু সেই আধ্যাত্মিকতা কেতিয়াও অন্ধবিশ্বাসেৰে লেটিলোৱা নহয়—

মাই মোক কৈছিল—
আজিকালি বিপদত উদ্ধাৰ কৰিবলৈ মধুসূদন স্বৰ্গৰ পৰা নামি নাহে
(আকাশখন ইমান বিশাল)

 মানুহ আৰু গছ দুয়োটাই প্ৰকৃতি সন্তান। পিছে মানুহৰ দৌৰাত্মত বিপৰ্যস্ত হোৱা প্ৰকৃতিত মানুহৰ স্থায়ীত্ব সম্পৰ্কে সান্দিহান হ’লেই মনত উদ্ভৱ হয় এনেবোৰ আওপকীয়া প্ৰশ্ন—

গছ পৃথিৱীৰ প্ৰিয় সন্তান
মানুহ নাথাকিলেও গছ থাকিব
পৃথিৱীত মানুহৰ প্ৰয়োজনীয়তা কিমান?

(গছে যেতিয়া কান্দে)

মানুহৰ কুশলতাৰ আকাঙ্খা তেওঁৰ ভালেমান কবিতাৰ অনুভৱৰ সহচৰ—

প্ৰাত্যহিক নিগনিদৌৰত তোমাৰ খবৰ ল’ব পৰা নাই।
তথাপি মোৰ অনুভৱ হৈছে।
তুমি কুশলে আছা (অনুভৱ)

 লোক-জীৱনৰ সৈতে নিগূঢ় সম্পৰ্ক আৰু গ্ৰামজ অনুষংগৰ প্ৰতি এঢলীয়া