পৃষ্ঠা:বিশ্বাসৰ বনানীকৰণ.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মাটি

অৱস্থিতি অবিহনে মূৰ্ত-অমূৰ্তৰ ধাৰণা অমূলক
সকলো অৱস্থিতিৰ ধাৰক মাটি সমস্তৰ ভেটি
মাটিহে পুৰুষ প্ৰথম অভিব্যক্তি

মাটিৰ তলত মাটি
মাটিৰ স্তৰে স্তৰে পানী
মাটি নহ’লে সাগৰ সৃষ্টি নহয়

মাটিৰ সমান ৰক্ষক নাই
মাটিৰ সমান ভক্ষক নাই
মাটিৰ সমান কোনোৱেই জীৱন্ত নহয়

আইৰ আই মাটিক পূজিম
কেনেকৈ
এই জীৱনেৰে ধাৰ শুজিম

মাটিৰ গতিৰে তুলনা নহয় আন গতিৰ
মাটিৰ গতিত পোৱা গতিত প্ৰত্যাৱৰ্তন অসম্ভৱ

মাটিৰ অবিহনে গতি নাই
মাটিৰ অবিহনে পথ নাই
মাটিৰ অবিহনে মুকুতি নাই
মাটি বিচাৰি ফুৰি মাটি হৈ পৰোঁ

প্ৰকাশ : ইত্যাদি, জনসাধাৰণ, ০২-১০-২০১৬

৩৬॥ বিশ্বাসৰ বনানীকৰণ