পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৪
কিষ্কিন্ধ্যা কাণ্ড।

আসিলন্ত সুপাৰ্চ্চক আহাৰ পানীলই।
সেনাগণ দেখি বীৰ আকাশত ৰই॥
সেনাৰ মাজত দেখে পিতা আছে বসি।
পাখি গজিবাৰ দেখি আসিল উল্লসি॥
তোমাৰ পাখিক দেখি হৰিষ অপাৰ।
পৰম সন্তোষে আজ ভুঞ্জিও আহাৰ।
মনতৃষ্টে ভোজন কৰিলা পক্ষীৰাঙ্গ।
উৰাৱ কৰিলা দুয়ো আকাশৰ মাজ।
আকাশৰ উপৰে ফুৰন্ত নানা ভাবে।
খানিকো প্ৰয়াস নাই বাপ তোৰ গাৱে॥
কতো বেলি ভ্ৰমিয়া আসিলা দুয়োছন।
বাপত পুছন্ত ইটো কৈৰ সেনা গণ।
সম্পাতি বোলন্ত পুত্ৰ শুনিয়ে বচন।
সীতা খুজি ফুৰন্ত বাঘৰ সেনা গণ॥
এসম্বাক দেখি মই কৰিলোঁহু সাক্ষী।
তেখনে গজিল মোৰ নব্বৈ কোটা পাখি।
অঙ্গদে মাতন্ত সম্পাতিৰ মুখ চাই।
ৰাম কাৰ্য্য হেলা আপোনাৰ কাৰ্যঝয় পাই।
আনিয়া সুপাচ্চে জুড়িলন্ত ঘোড় হাতে।
ৰাম সেনা দেখি আসি নমিলেক মাথে॥