পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
অসমীয়া ৰামায়ণ।

অঙ্গদ কুমাৰ হেৰা, ক্ৰন্দন কৰন্তে আছে,
 তযু দুই চৰণত পৰি।
সহস্ৰেক মহাদই, ক্ৰন্দন কৰন্তে আছে,
 ভূমিত পৰিয়া গড়াগড়ি॥
সিখৰ সিন্দুৰ ঘৰ, থসাইলাহ প্ৰভুমোৰ,
 ৰাজযোগ আনো অলঙ্কাৰ।
পতিব্ৰতা নাৰী হুয়া, কেন মতে ৰহিবোহে ,
 মহাদুখ বিধবাৰ ভাৰ॥
মই যাক তাৰ্জ্জিলোহু, সেহিমোক গৰ্জ্জিবেক,
 বিৰহতে থাকিবোহে পতি।
অনাথ হৈবেক মোৰ, অঙ্গদ কুমাৰ যাতো,
 স্বামী সঙ্গে গৈলো হন্তে সতী॥
যাহাৰ প্ৰসাদে মই, পৃথিবী মণ্ডল মাজে,
 আছিলোঁহু ৰাজ ৰাজেশ্বৰী।
শত্ৰুপক্ষ নৃপতিৰ, যত পটেশ্বৰীগণ,
 আছিল মোকেসে সেৱাকৰি॥
আনৰ স্বামীযে গৈয়া, মোহৰ স্বামীৰে লগে,
 অন্তৰ আছিল বহুদূৰ।
হেন মোৰ প্ৰাণ নাথ, এবে কি কাৰ্য্যে যাহা,
 লগতে চলিবো যম পুৰ॥