পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৫
অসমীয়া ৰামায়ণ।

আপুনি চিন্তিয়ো যেন হোৱয় যুগুত।
যেন তেন মতে কাৰ্য্য সাধিতে প্ৰস্তুত॥
মাসেক লাগিয়া ক্ষান্ত দিলো তোমাসাক
হেলা এৰি ৰাত্ৰি দিনে খুজিবা সীতাক॥
মাসেকত নাসা যেবে প্ৰভু কাৰ্য্য সাধি।
নাক কাণ কাটিবোহো হৈবা অপৰাধী।
শুনিলা সবেয়ো চণ্ড আদেশ ৰাজাৰ।
ৰামৰ চৰণে পৰি কৰি নমস্কাৰ॥
যেহি যেহি দিকে যাক যাক আজ্ঞা ভৈলা।
ৰাজাক প্ৰণামি সেহি দিশে চলি গৈলা॥
নিঃশষ কৰিয়া ফুৰে গ্ৰাম নগৰত।
নদ নদী তীৰে ফুৰে গিৰি গহ্বৰত॥
পূবক বিনোদ উত্তৰক শতবলী।
চলিলা সুষেণ দিশ পশ্চিম আকলি॥
এক মাস খুজি লুড়ি সাতাক নপাল।
বিনয পূৰ্ব্বক আসি ৰজাক জনাইল॥
শুনিয়োক সুগ্ৰীৱ নৃপতি শিৰোমণি।
তিনিও দিশত আসি চাহিলোঁ আপুনি॥
ৰাবণ সীতাৰ নপাইলোঁহো উদ্দেশ।
এবে কি কৰিবো প্ৰভু কৰিয়ো আদেশ॥