পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
অসমীয়া ৰামায়ণ।


এহি বুলি ৰঘুনাথ,  অমৃত সমান হাতে,
 মাৰ্জ্জিলন্ত মিত্ৰৰ শৰীৰ।
পূৰ্ব্বত অধিক কৰি,  দশ গুণ তেজবল,
 লভিলা সুগ্ৰীৱ মহাবীৰ॥
শুনিয়োক সৰ্ব্বজন,  শুনা কথা ৰামায়ণ,
 ইসে মহা ধৰ্ম্ম অনুপাম।
গুছিবে সংসাৰ দুখ,  লভিবা পৰম সুখ,
 নিৰন্তৰে বোলা ৰাম ৰাম॥

পদ।

ৰাঘবৰ বচনে সুগ্ৰীৱ ৰঙ্গ পাইল।
চৰণত ধৰি বীৰে দুখ নিবেদিল॥
নজানি গৰ্জ্জিলাঁ দোষ ক্ষমা ৰঘুপতি।
ইহ পৰলোকে প্ৰভু তুমি মোৰ গতি॥
মহাপাপী সব তবে নাম লৈলে যাৰ।
তাহাঙ্ক নিন্দিলো পাপ সঞ্চিলো অপাৰ॥
অজ্ঞানৰ দোষ ক্ষমিয়োক নাৰায়ণ।
তোমাৰ অভয় পদে লৈলোহো শৰণ॥