পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
কিষ্কিন্ধ্যা কণ্ড।

হনুমন্তে কহিলন্ত কথা নিৰন্তৰে।
যেন মতে মিত্ৰৱতি সুগ্ৰীব ৰামৰে॥
ৰাম চন্দ্ৰে যেন মতে আসি ভৈলা বনে।
যেন মতে সীতাক হৰি নিলেক ৰাৱণে॥
সীতাক খোজন্তে নামে সুগ্ৰীৱক পাইল।
তাৰা দুই পাছে মিত্ৰৱতিক বন্ধাইল॥
বালী বধ সুগ্ৰীৱৰ অভিষেক কথা।
কহিলাহো আদি অন্তে যেহেন ব্যবস্থা॥
ৰাঘবে সুগ্ৰীবে পাছে কাৰ্য্য আলোচিলা।
সীতাক খুজিবে লাগি আমাক পাঞ্চিলা॥
ৰাঘবৰ আজ্ঞা শিৰে ধৰিযা হৰিষি।
বানৰা সকলে চাহি ফুৰো দিশা দিশি॥
মাসেকক লাগি ক্ষান্তি দিয়া পঠাইলন্ত।
গৰ্ত্তত পশন্তে মাসেকৰ ভৈলা অন্ত॥
ফল মূল দিয়া মাৱ খণ্ডাইলা নিকাৰ।
তুমি ভৈলা মাৱ আমি তনয় তোমাৰ॥
নজানো উদিশ গৰ্ত্ত গহন অপাৰ।
আত কেন মতে আমি হুইবোঁহো নিস্তাৰ॥
শুনি সয়ম্প্ৰভা ৰঙ্গ লভিলা অপাৰ।
ৰাম সেনা বুলি কৰিলত নমস্কাৰ॥