পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কিষ্কিন্ধ্যা-কাণ্ড

ৰামে ৰাজ্য নপাইলন্ত বিধিৰ কপটে।
ৰাজায়ে মৰিল কেকৈৰ উদভণ্ডে॥
জনক জীয়াৰী ৰাঘবৰ বিবাহিতা।
নজানো ৰাৱণে হৰি নিলে কোন ভিতা॥
সীতাক খোজন্তে ৰাম অনেক প্ৰবন্ধে।
সুগ্ৰীৱ ৰাজাৰ বাৰ্ত্তা জানাইলা কবন্ধে॥
বানৰ ৰাজাত গৈয়া লয়োক শৰণ।
হেনহিত তুমি কিছু কৰায়ো ব্ৰাহ্মণ॥
শুনি হনুমন্তে ধৰি আপোনাৰ বেশ।
বাঘবক প্ৰদক্ষিণ কৰিলা অশেষ॥
তানে শুনি আছোঁ নাম দেবৰ কাহিণী।
সুগ্ৰীৱৰ দৈব বিধি মিলাইলেক আনি॥
সুগ্ৰীৱৰ দূত মোক বোলে হনুমন্ত।
জানিলোহু নৃপতিৰ দুখ ভৈল অন্ত॥
যিহেতু ইঠাৱে আসি আপুনি মিললা।
বানৰ কুলৰ ঘোৰ দুৰ্গতি খণ্ডিলা॥
এহি বুলি হনুমন্তে দুয়ো ভাইক লৈয়া।
তেতিক্ষণে সুগ্ৰীৱত ভেণ্টাইলন্ত গৈয়া॥
দেখিয়া সুগ্ৰীৱ আহি উল্লসি গৈলন্ত।
দুহান্তৰো কাহিণী কহন্ত হনুমন্ত॥