পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অসমীয়া ৰামায়ন।
৭৭

চম্পক মালতি গন্ধে হৃদয় নসহে।
প্ৰাণ সঙ্কলয় যেন সীতাৰ বিৰহে॥
লক্ষ্মণে বোলন্ত দদা এডিড়িয়ো বিকল।
অতিশয় শোকে হৈব শৰীৰ দুৰ্ব্বল॥
বলিষ্ঠ ৰাৱণ থল পৰ্ব্বত যেহেনে।
নিৰ্ব্বল শৰীৰে তাক যুজিবাহা কেনে॥
প্ৰবল অগনি যেন দহে অতিবন।
সহজে জ্বলন্ত সখা হোৱন্ত পবন॥
দীপৰ অগনি নিমাৱন্ত সেহি বাৱে।
সুহৃদ জনৰ হন্ত হেনসে স্বভাবে॥
সন্তাপ এড়িয়োযো দদা নকৰিও শোক।
অমৃত সমান ফল মূল ভূঞ্জিযোয়োক॥
বাৰিষাৰ প্ৰস্ৰবণ গিৰিত আছন্ত।
সুগ্ৰীৱক নিতে হনুমন্তে স্মাৰাৱন্ত॥
মাৰুতিয়ো বোল শুনিও মহাৰাই।
কাৰ্ত্তিক নিবৰ্ত্তি গৈলা হেলা নুযুৱাই॥
নেযো আসি খুজন্তে আপুনি যেবে যাই।
তবেসে মিত্ৰত হন্তে কল্যাণক পাই॥
ৰাম মিত্ৰ ভৈলা তিনি ত্ৰৈলোক্যতে সাৰ।
যাতহস্তে ভৈলা তুমি দুৰ্গতি উদ্ধাৰ॥