সমললৈ যাওক

পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অসমীয়া ৰামায়ণ

তেতিক্ষণে হনুমন্তে ৰাজাৰ আদেশে।
ৰাম লক্ষ্মণত পাছে ব্ৰাহ্মণৰ বেশে॥
কৰযোড় কৰি আসিলন্ত ৰঙ্গমনে।
কৈৰদুই মনুষ্য ফুৰাহা কি কাৰণে॥
সৰ্বাঙ্গে সুন্দৰ একো গুণে নাহি হীন।
কিবা কোন দেৱ কিবা নৃপতিৰ চিন॥
কাহাৰ কুমাৰ কোন কাৰ্য্যত ফুৰাহা।
কিবা হেতু দুয়ো জনে পৰ্ব্বতে উঠাহা॥
লক্ষ্মণে বোলন্ত বৃদ্ধ শুনিয়ো ব্ৰাহ্মণ।
দশৰথ ৰাজাক জানন্তা দেৱগণ॥
তানে শ্ৰেষ্ঠ মহৰ্ষী কৌশল্যা যাৰ নাম।
তাহানে গৰ্ভত উতপত্তি যে শ্ৰীৰাম॥
মোৰ নাম লক্ষ্মণ কনিষ্ঠ শত্ৰু ঘন।
সুমিত্ৰাৰ গৰ্ভে আসি ভৈলো উতপন॥
শ্ৰেষ্ঠ ভাই ভৰত ভৈলহ তৎপৰ।
জানিবাহা মোক ৰাঘবৰ অনুচৰ॥
কেকৈ নামে নাৰী ৰূপে বিদ্যা ধৰী।
বৃদ্ধ নৃপতিৰ সিটো যুবা পটেশ্বৰী॥
নামত ভৰত তান কুমাৰক লাগি।
সত্য কৰাই ৰাজাত লৈলন্ত ৰাজ্য মাগি॥