পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮২
কিষ্কিন্ধ্যা কাণ্ড।

পাত্ৰমন্ত্ৰী গণে, ইঙ্গিতে জানিযা,
 ৰাজাত গৈয়া জনাইল।
আন কেহু নোহে,  খৰতৰ বেগে,
 লক্ষ্মণ বৰেসে আইল ॥
হনুৱে বোলন্ত, তৈসানি বুলিলে,
 আপুনি চলি যায়োক।
সদ বুদ্ধি মানে, অন্ত নপৰিল,
 তাহাৰ ফল পাযোক॥
সুগ্ৰীৱে বোলন্ত, শুন হনুমন্ত,
 শুনা সবে কপিগণ।
ইন্দ্ৰক জিনিবে, সমৰ্থ আছ',
 আছোক ৰাম লক্ষ্মণ॥
সাত পৃথিবীৰ, ভালুক বানৰ,
 যোগাৱে মাণিক গন্ধ।
আগক চাহন্ত, গুণন্তে গাস্থন্তে,
 পাছক চাহন্তে অন্ধ॥
আছোক পৃথিবী, সপত সাগৰ,
 বাসুকী চালিতে পাৰি।
কিন্তু মিত্ৰভাৱ, কেমনে বঞ্চিবে,,
 ৰাম বৰ উপকাৰী॥