পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
কিষ্কিন্ধ্যা কাণ্ড।

পুব দিশ দক্ষিণ পশ্চিম উত্তৰত।
সন্ধ্যা কৰি ফুৰিলোহো চাৰি সাগৰত॥
দণ্ড দুইৰ ভিতৰে সমুদ্ৰে সন্ধ্যা কৰি।
ত্বৰিতে আসিয়া ভৈলো কিষ্কিন্ধ্যা নগৰি॥
দুৱাৰত থৈয়া বোলো আবে দেহ বণ।
হাৰিলো হাৰিলো বুলি ধৰিলা চৰণ॥
বিনতি কাতৰ বাণী বুলিলা অশেষ।
ভঙ্গমানি চলিগৈলা আপনাৰ দেশ॥
বাটভেন্টি পাছে তাক অঙ্গদে ধৰিল।
কঙ্কালত লাঙ্গুলে শতেক পাকদিল॥
সাগৰত নিযে তাক জোবৰাইবে লৈলা।
টোপলা বহন্তেন্তে কলাধাতু মাত্ৰ ৰৈলা॥
হেনদেখি অঙ্গদকে বুলিলো চেন।
ছাড় পুত্ৰ ইটো মোৰ শৰণিযা জন॥
মোৰ বাক্যে এড়ি দিলা অঙ্গদ কুমাৰে।
লাঞ্চনা লভিয়া গৈলা লঙ্কাৰ ভিতৰে॥
হেন ৰাৱণক ৰাম তুমি কৰাডৰ।
ৰণচেৰ মোৰ যেন ঘৰৰ ডিঙ্গৰ॥
পঠাইযা দিলো হন্তে মোৰ আজ্ঞা বাণী।
মাথে কৰি সাতাক দিলন্তে হন্তে আনি॥