সমললৈ যাওক

পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০২
কিষ্কিন্ধ্যা কাণ্ড।

বিন্ধ্য গিৰি মহেন্দ্ৰ পৰ্ব্বত ভালে চাহা।
আনো যত গিৰি আছে তাক আকলাহা॥
ৰাৱণৰ চিত্তক নপাৰি বুজিবাক।
কৈত লুকাই থৱে নিয়া গোসাণী সীতাক॥
কিবা শান্তিপূৰ্ণ ৰাখি আছন্ত গোসাণী।
ৰাৱণৰ বাৰ্ত্তা লই আহা নিষ্ট জানি॥
সুষেণ শ্বশুৰ মোৰ পশ্চিমে যায়োক।
কোটী সংখ্যা দূত বাচি লগতে লয়োক॥
ৰাবণে সীতাক প্ৰবন্ধিয়া খুজিচাহা।
অবিলম্বে আমাত বাৰ্তাক জনাইবাহা॥
কৈৰ যুবৰাজ বুলি ৰাজাৰ আদেশ।
কৰযোড়ে অঙ্গদ আগত পৰবেশ॥
দক্ষিণ দিশক লাগি তুমি চলিযায়ো।
ৰাৱণ সীতাৰ নিষ্ট বাৰ্তাক জনায়ো॥
তোমাৰ লগত যাহন্তোক হনুমন্ত।
সৈন্য সহ যাহন্তোক বীৰ জাম্বুবন্ত॥
দধি মুখ কেশৰি পলস বাৰ গয়।
নল নীল ধুম্ৰাক্ষ যে আবৰ গৱয়॥
সেহিসে দিশত ৰাবণৰ নিজ পুৰি।
থানে থানে ভাল মতে চাইবা ফুৰি ফুৰি॥