পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/১৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৮
কিষ্কিন্ধ্যা কাণ্ড।

এহি মানে কিষ্কিন্ধ্যা কাণ্ডৰ সমাপতি।
দ্বিজ ৰাজ মাধব কন্দলী নিগদতি॥
শুনিলাহা সমাজিক ৰামৰ চৰিত্ৰ।
নানা ৰসে বসৱন্ত পৰম বিচিত্ৰ॥
আক শুনি হুয়ো সবে মনত সন্তোষ।
বঢ়াটুটা নশৈবাহা মোৰ যত দোষ॥
বাল্মিকীৰ কৃত যত সংসাৰতে সাৰ।
ৰাম কথা শুনি হোৱা সংসাৰতে পাৰ॥
আপোনাৰ বুদ্ধি বলে যিমত বুজিলোঁ।
সংক্ষেপ কৰিয়া তাক পদে নিবন্ধিলোঁ॥
সমস্ত ৰসক কোনে জানিবাক পাৰে।
পক্ষী সব উৰে যেন পথা অনুসাৰে॥
কতো নিজ কতো লম্ভা কথা অনুসাৰে
সমাজ্যায়ে নিবন্ধয় লোক ব্যৱহাৰে॥
কবিৰ কবিতা গুণ কবি এসে জানে।
প্ৰসবৰ দুখ যেন বন্ধ্যাই জানে॥
দেব বাণী নুহি ইটো ৰস ৰসে কথা।
এতেকে ইহাৰ দোষ নলৈবা সৰ্ব্বথা॥
ৰামৰ চৰিত্ৰ বুলি তৰিয়ে সংসাৰ।
আলাস তেজিয়া ৰাম বোলা বাৰ বাৰ॥