পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০
কিষ্কিন্ধ্যা কাণ্ড।

চলিয়ো সুগ্ৰীৱ মিত্ৰ লোৱা দণ্ডপাট।
প্ৰজা প্ৰতিপালি আজ্ঞা কৰিবাহা ডাট॥
নটে ভাটে ব্ৰাহ্মণে মঙ্গল কৰন্তোক।
সম্পিলো তোমাতে তাৰা দেবী আছন্তোক॥
শ্ৰাবনাদি মাস মুখ্য বাৰিষাৰ কাল।
'দনতে আন্ধাৰ মহা মেঘৰ ঘঞ্চাল॥
বানৰ গণৰ আৰ কিছু নাহি কাজ।
ইটো চাৰি মাস মহা সুখে কৰা ৰাজ
আমি থিত হৈবোঁহো শ্ৰাবণ গিৰিবৰে।
মিত্ৰৰ নিমিত্তে চিত উত্ৰাৱল কৰে॥
কাৰ্ত্তিক নিবৰ্ত্তি গৈল অগ্ৰাহন মাস।
সাতক খুজিবে যেন নমাতিও আস॥
সুগ্ৰীৱ বোলন্ত আবে ভৈলা প্ৰতিকাৰ।
ভাৰ্য্যাকো লভিলো অকণ্টকা ৰাজ্যভাৰ॥
সীতাক খুজিবো আমি চাৰি মাস পাছে।
ধাৰলাগি মিত্ৰৰ আমাৰ গাৱে আছে॥
ৰামক প্ৰণাম কৰি ভালুক বানৰে।
নগৰত প্ৰবেশ ভৈলন্ত চুপ কৰে॥
চৌদোলে সুগ্ৰীৱ ওয়াৰিত পযোসাৰ।
হিৰা মণি মাণিক্যে কৰয় জাতিস্কাৰ॥