পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১
অসমীয়া ৰামায়ণ

ঝুমুৰি।

এহি মতে বীৰ দুই।
শৰীৰত উঠে জুই।
বাহু বাহু বান্ধিলন্ত।
ঘুৰি ফুৰি টানিলন্ত।
হিয়ে হিয়ে তাৰিলন্ত।
ঘণ্টা যেন লাৰিলন্ত।
ঘোড়া যেন নলৱৰে।
হাত পাৱ বিহৰে।
কিল ভুকলাথি হানি।
আযুড়ি আনয়ে টানি।
দুইকো দুইপাৰে গালি।
যুজন্ত সুগ্ৰীৱ বালী।

   

যুজে এক পিণ্ড হুই॥
বলে দুইয়ো ক্ষীণ নুই॥
পাৱে পাৱে ছাণ্ডিলন্ত॥
গ্ৰীৱে গ্ৰীৱে জুড়িলন্ত॥
তুলি তুলি পাৰিলন্ত॥
আৰ্ত্তনাদ ছাড়িলন্ত॥
অসংক্ষাত চৱৰেৰে॥
হস্তী যেন চিহৰৰে॥
ভূমিত আকালে আনি॥
ফুৰে দুয়ো ছিদ্ৰজানি॥
বাহুত মাৰয় টালি॥
দুইয়ো ভাই বৰ টালি॥



পদ।

ৰাঘবে বোলন্ত কিবা কৰোঁ কৈক যাওঁ।
সুগ্ৰীৱ মিত্ৰক মই হাতে হৰুৱাওঁ॥
কোন দৈব বিধি মোক প্ৰবন্ধে চলিলা।
শত্ৰু মিত্ৰ একো আকলিবে নপাৰিলা॥

(৩)