পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অসমীয়া ৰামায়ণ
১০৭

সনিপাত বান্ধে বান্ধি অসুৰে ধৰিল।
চক্ৰবাত বান্ধে বান্ধি অঙ্গদে পীড়িল॥
থিউ হুয়া অসুৰে ধৰিলা চক্ৰবান্ধ।
চলিল অঙ্গদে নলক্ষিয়া শিৰ কান্ধ॥
বলে আতি কুশল অঙ্গদ বীৰবলী।
মুঠি বান্ধে জান্তিয়া হাসন্ত খল খলি॥
উপৰত ছড়িয়া ধৰিয়া হাতে হাত।
মাথা পুতি অসুৰৰ বসিলা হিযাত॥
মুঠি বান্ধে এড়ালেক কৰিয়া উপাই।
হ্ৰেসান কৰিয়া অঙ্গদক খেদি যাই॥
অসুৰক বালি পুত্ৰে খেদি লাগ পাইল।
লাথি হানি কতো দূৰে ক্ষেপিয়া পঠাইল॥
অঙ্গদে বোলন্ত কিবা চাহি আছোঁ আৰ।
মুঠি হানি অসুৰক পেশো যম ঘৰ॥
এহিবুলি হিয়াত বৈসাইলা বজ্ৰ মুঠি।
হিয়া চূৰ ভৈলা তাৰ প্ৰাণ গৈল ফুটি॥
ঘোৰ আৰ্ত্তনাদ কৰি অসুৰ পৰিলা।
বজ্ৰৰ পতন যেন পৃথিবী লড়িলা।
দেখি ৰাম সেনা ফুৰিলন্ত জয় জয়।
ধন্য যুবৰাজ ধন্য বালীৰ তনয়॥