পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৮
কিষ্কিন্ধ্যা কাণ্ড।


অসুৰে পৰিল অনন্তৰে কপি গণে।
সীতাক বিচাৰি ফুৰে অনেক যতনে॥
বৰবৰ পৰ্ব্বতত চাহিলা সকলে।
অনেক গহনে বিচাৰিলা জলে থলে॥
পৰ্ব্বতক দেখিলা মেৰুৰ সমসৰ।
উঠিল তাহাত গৈয়া ভালুক বানৰ॥
আকাশ লঙ্ঘিয়া আছে একৈক উঠান।
পৃথিবী দেখি অমৰৰ পৰমাণ॥
তাতে ছড়ি কপিগণে ভৈগৈল বিসল।
সাগৰক দেখি যেন গোখোজৰ চল॥
পূৱত দেখিলা ৰবি প্ৰচণ্ড উদয়।
উত্তৰ দিশত দেখি গিৰি হিমালয়॥
দক্ষিণত দেখে যমপুৰ তমোময়।
পশ্চিম দিশত অষ্ট গিৰিক দেখয়॥
পৰম বিস্ময় হুয়া অঙ্গদে পুছয়।
কি বুধি কৰিবো আবে বায়ু তনয়॥
মাৰুতি বোলন্ত বুদ্ধি নাকলয় আৰ।
মৰণ শঙ্কট গিৰি উঠিল দুৰ্ব্বাৰ॥
সীতাক নপায়া একে মনৰ অসুখ।
ভাগৰে পীড়িল আতি সুখাই গৈল মুখ॥