পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
অসমীয়া ৰামায়ণ।

বজ্ৰৰ সদৃশ দুয়ো হানন্ত চৱৰে।
লাথি হানি প্ৰহাৰে নিৰ্ঘাত যেন পৰে॥
বৃক্ষে বৃক্ষে হানিলন্ত শিখৰে শিখৰে।
কিল ভুকু চৱৰ মাৰন্ত নিৰন্তৰে॥
অদভুত সমৰ কৰন্ত দুইয়ো ভাই।
আকাশত দেবগণে আছিলন্ত চাই॥
ধনুত যুড়িয়া শৰ ৰামে সাবধানে।
দুইহানু সমৰ চাই আছে বিদ্যমানে॥
দুয়োবীৰে আটোপে ধৰিলা কোলে কোলে।
পৃথিবীত পৰি গৈলা দুই হানো আন্দোলে॥
গম্ভিৰত মেৰু যেন গহিনে সাগৰ।
যেন মেৰু মন্দৰ যুজন্ত একতৰ॥
হৰি শঙ্কৰৰ যেন মিলিলা সমৰ।
গ্ৰহ যুদ্ধ ভৈলা যেন মঙ্গল বুধৰ॥
বালী বাসবৰ যেন মিলিলা সমৰ।
বালী সুগ্ৰীৱৰ যুদ্ধ ভৈলা সেই পটন্তৰ॥
বালী বোলে শুন ওৰে সুগ্ৰীৱ দন্দুৰ।
মুঠিৰ প্ৰহাৰে তোক নিবো যম পুৰ॥
কুম্ভস্থলে মুঠি হানি লৱৰিল টানে।
পৰি মূৰ্চ্চা গৈল বীৰ নমৰিল প্ৰাণে॥

(৪)