সমললৈ যাওক

পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৭
অসমীয়া ৰামায়ণ।

তুমিসি কুমাৰ তান তাৰা পটেশ্বৰা।
স্থিৰ হুৱা অঙ্গদ বিকল পৰিহৰা॥
হনুমন্তে নৃপতিৰ গুণ বখানিলা।
শুনি বীৰ অঙ্গদৰ গাৱ নসহিলা॥
যিজনে ৰাজাৰ সেৱা কৰন্ত সদায়।
সিজনে ৰাজাৰ গুণ কহিবে পাৰয়॥
সজ্জন পাত্ৰৰ হোৱে হেন ব্যৱহাৰ।
দোষ এড়ি গুণ মাত্ৰ কহয় ৰাজাৰ॥
এতেকেসে সুগ্ৰীৱৰ বখানিলা গুণ।
কহিবে নলাগে সবে জনোহো আপোন॥
তান গুণ মোৰ আগে বখানহ কিক।
সুগ্ৰীৱৰ কিবা ধৰ্ম্ম সিটো অধাৰ্ম্মিক॥
আমাৰ মাৱক তেহে কৰিলন্ত ঘৰ।
জ্যেষ্ঠ ভাইৰ পটেশ্বৰী মাতৃ সমসৰ॥
হেন অধাৰ্ম্মিক পাতিলাহা ধৰ্ম্মশীল।
এতেকে তোমাৰ আমি চিত্তক জানিল॥
আমি নযাইবো আউৰ কিষ্কিন্ধ্যা নগৰ।
নিষ্ট কৰি আনিবাহা সকলে বান॥
কুশদ্বীপ লাগি শীঘ্ৰে কৰিবো গমন।
যুবৰাজে অঙ্গীকাৰ কৰিলন্ত টান॥