পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অসমীয়া ৰামায়ণ
১২৩

ৰাৱনক জটায়ু পথত যুদ্ধ দিলা।
মুৰ্চ্চা গৈয়া দশস্কন্ধ ৰণত পৰিলা।
জটায়ুক মাৰি পাছে অন্যায় সমৰে।
নিজস্থানে সীতাক নিলন্ত নিশাচৰে॥
লক্ষ্মণ সহিতে বনে ফুৰে ৰঘূপতি।
সুগ্ৰীৱক পায়া কৰিলন্ত মিত্ৰৱতি॥
মিত্ৰত থাকিয়া ৰামে বালীক মাৰিলা।
তান ৰাজ সম্পত্তিক সুগ্ৰীৱক দিলা।
ৰাজ্য পাই সুগ্ৰীৱৰ আনন্দ মিলিলা।
সীতাক খুজিবে লাগি আমাক পাঞ্চিলা।
মাসেকক লাগি ক্ষান্তি দিলা মহাৰাই।
খুজি হৰ খুজি ভৈলো সীতাক নপাই॥
গোখোজ সমানে আমি বিচাৰ কাৰিলোঁ।
সীতাক নপাই খুজি বিপাঙ্গে মৰিলোঁ॥
পূৰ্ব্বাপৰ কথা যত কহিলোঁ সকল।
কহিয়ো তোমাৰ কথা পক্ষী মহাবল॥
বিন্ধ্যগিৰি উপৰে আছাহা কি কাৰণে।
তুমি কি সীতাৰ বাৰ্ত্তা জানাহা আপোনে॥
এবে পক্ষীৰাজ কহিয়োক বিদ্যমান।
মৃতকক যেন তেবে দিয়া প্ৰাণ দান॥