পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
কিষ্কিন্ধ্যা কাণ্ড।
ৰিপু গণ মাৰিবোহু।   অসুৰক দাড়িবোহু॥
ভৈৰবক ভূখিবোহু সাগৰক সুখিবোহু॥
বীৰত্বক প্ৰকাশিবো। ত্ৰৈলোক্যক বিনাশিবোঁ॥
শৰে শৰ থাসিবোহু। সাগৰক সুষিবোহু॥
ত্ৰিদশক বঞ্চিবোহু। আনদেব সঞ্চিবোঁহু।
আজি কীৰিতিক নিবো। সবাকো যমক দিবোঁ॥

⸺•⸺

পদ।

সুগ্ৰীৱ বোলন্ত মিতা মোৰ বোল কৰা।
বীৰত্বক সাফলিয়া পুৰুষক ধৰা॥
মোহোৰ বচনে তুমি শোক পৰিহৰা।
বালীবধ কৰি মোৰ শোকক উদ্ধাৰা॥
শ্ৰীৰামে বোলন্ত মোৰ শৰীৰে নসহে।
হৰিল চেতন জ্ঞান সীতাৰ বিৰহে॥
সঘনে নিশ্বাস বসে ভাৰ্য্যাৰ বিৰহে।
তোমাৰ শোকক দেখি মোৰ হৃদি দহে॥
উভয় প্ৰকাৰে আৰু মনৰ বিকল।
পাছে আৰু তোমাৰ দুখৰ কহো ফল॥