পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২২
কিষ্কিন্ধ্যা কাণ্ড।

নিষ্ট কৰি কহা তোৰা কৈৰপৰা আইলা।
জটায়ুৰ কথা কোনজনে সুমৰাইলা॥
প্ৰাণতো অধিক মোৰ সহোদৰ ভাই।
তান মৃত্যু শুনি মোৰ প্ৰাণ ফুটি যাই॥
তুমি সব বানৰ আসিলা কি কাৰণে।
মোহোৰ ভ্ৰাতৃক কেনে বধিলা ৰাৱণে॥
কহিয়োক ৰামকথা শুনো কাণ পাতি।
জটায়ুৰ শ্ৰেষ্ঠ মই নামত সম্পাতি॥
জটায়ুৰ ভাই হেন শুনি কপিগণ।
ভয় গুছি কিঞ্চিত প্ৰসন্ন ভৈলামন॥
সবেহন্তে অঙ্গদক অনুমতি দিলা।
শুনি যুবৰাজে কথা কহিতে লাগিলা॥
শুনিয়োক পক্ষীৰাজ কথা অনুপম।
সূৰ্য্যৰ বংশত ৰাজা দশৰথ নাম॥
ৰানে শ্ৰষ্ঠ মহ'ৰ কেশল্যা নামেসতা।
তানে গৰ্ভত ৰামচন্দ্ৰ উতপতি॥
কৈকেই নামে আৰো পটেশ্বৰী ভৈলা।
তাহান বচনে ৰাম বনবাসে গৈলা॥
সাতভাৰ্য্যা লক্ষ্মণ ভ্ৰাতৃক লগে নিলা।
বনত ৰাৱনে সীতা দেবীক হৰিলা॥
-