পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০০
কিষ্কিন্ধ্যা কাণ্ড।

দ্বীপ দ্বীপান্তৰৰ আসিল যত যত।
অসংখ্য পদাত লই লেখা দিবো কত॥
সুগ্ৰীৱ বোলন্ত ৰাম চাহিও আকলি।
সেনাৰ গোৰত বসুমতী যাই টলি॥
গিৰি গুহা পৰ্ব্বত যুড়িলা দশ দিশ।
কটকক দেখি ৰামচন্দ্ৰৰ হৰিষ॥
সুগ্ৰীৱক বোলন্ত শুনিয়ো কপিৰাজ।
এবেসে জানিলোঁ মিত্ৰ সিদ্ধ ভৈলা কাজ।
শুনিয়া উজ্জ্বল মুখ ভৈলন্ত সুগ্ৰীৱ।
কৰযোড়ে ৰামৰ আগত ভৈলা থৱ।
কিবা আজ্ঞা হৱে প্ৰভু আদেশ সকাল।
কিবা গ্ৰহ আন দিবো দশ দিগ পাল॥
বাসবক আনো কিবা আনো বাসুকাক
বান্ধ আনি দেওঁ পৃথিবীৰ নৃপতিক॥
নাহিকে অসাধ্য মোৰ তযু প্ৰসাদত।
বশ্য কৰি আনি দিও তিনিও জগত॥
হাসিয়া ৰাঘৱে বুলিলন্ত মহা মিত্ৰ।
সবাকো জিনিতে পাবা ইতো কোন চিত্ৰ
ইসব কাৰ্য্যত কিছু প্ৰযোজন নাই।
সীতাক যিমতে পাই চিন্তিয়ো উপায়।