পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/১৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩২
কিষ্কিন্ধ্যা কাণ্ড।

বিলম্ব হৈবাৰ বাপ শুনিয়ো কাৰণ।
আকাশৰ পথে যাই লঙ্কাৰ ৰাৱণ॥
আৰ্ত্তৰাৱ কৰি কান্দে ত্ৰৈলোক্য সুন্দৰী।
ৰামৰ ভাৰ্য্যাক লঙ্কেশ্বৰে নেই হৰি॥
জলচৰ থলচৰ ভূমিত ঘসাই।
মহা ক্ৰোধে ৰাৱণক দেখিগৈলো ধায়॥
সীতা সমে ৰাৱণক মহা ধৰি।
কাপূণ্য কৰ ৰজা কৰযোৰ কৰি॥
সম্পাতিৰ পুত্ৰে তুমি গড়ুৰৰ নাতি।
ব্যাপি আছে জগতত তোমাৰ খিয়াতি॥
তোমাৰ বংশৰ একো নোহু অপৰাধ।
শত্ৰুৰ ভাৰ্যাক নেও কেনে যে বিষাদ॥
ক্ষেত্ৰি হুয়া ৰাম মোক মাৰিলেক আসি।
ভাৰ্য্যা কি কৰিবে সিটো তপসা বন বাসী॥
এড়িদিলো ৰাৱণ তেখনে লড়ি গৈল।
সিকাৰণে বিলম্ব মোহোৰ আসি ভৈল॥
পুত্ৰৰ বচনে পাছে ভুঞ্জিলো আহাৰ।
ভ্ৰাতৃৰ বিৰহে হেন অবস্থা আমাৰ॥
সকল কহিলোঁ মোৰ আদি অন্ত কথা।
তুমি সব কি কাৰণে আসি ভৈলা এথা॥