পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/৭৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
৭৫
অসমীয়া ৰামায়ণ।

হনুমন্ত আদি কৰি,   মুখ্য মুখ্য বীৰ গণ,
  মিললন্ত সকল সমাজ।
তাৰা দেবী তনয়ক,   মহাবীৰ অঙ্গদক,
  তেখনে পাতিলা যুবৰাজ ॥
মহন্তক পালিবাহা,   দুষ্টক কৰিব' দণ্ড,
  ৰাজ্য জন নকৰিবা পীড়া।
তাৰা লোম দুই ভাৰ্য্যা,   দুই পাশে লৈয়া ৰাজা,
  সুগ্ৰীৱ কৰন্ত কাম ক্ৰীড়া ॥
এহিবুলি পাত্ৰ গণে,   অঙ্গদক নিয়োজিলা,
  সুগ্ৰীৱ ভৈলন্ত মহাৰাজা।
ৰাম চৰণ সেৱা,   প্ৰসাদে পৰম সুখী,
  হুইয়া ৰৈলা কিষ্কিন্ধ্যাৰ প্ৰজা ॥
শুনা সভাসদ চয,   সাক্ষাতে অমৃতময,
  ৰামৰ চৰিত্ৰ অনুপম।
মাধৱ কন্দলী ভণে,   বুলিয়োক ঘনে ঘলে,
  ডাকি উচ্চ কৰি ৰাম ৰাম ॥