পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৬
কিষ্কিন্ধ্যা কাণ্ড

পদ

শ্ৰাবণ মাস গিৰি অতি অনুপম।
বাৰিষা কালত সিটো বঞ্চিকে উত্তম॥
লক্ষ্মণে নিৰ্ম্মিলা বাসা নদী সন্নিহিত।
দুই ভাই চাৰি মাস বঞ্চিলা তাহত॥
শ্ৰাবণ মাসত মুখ্য বৰিষাৰ কাল।
দিনতে আন্ধাৰ মেঘে কৰে কোলাহল॥
সুৰভি শীতল আতি দক্ষিণৰ বাৱে।
কোকিল কুহু নাদে নিদ্ৰাৰ জগাৱে॥
প্ৰমত্ত ভ্ৰমৰে যেন মালতিক চুমে।
বিৰহিণী নাৰীযে বিহ্বল চিত্ত ঘুমে॥
মেঘৰ গৰ্জ্জনা শুনি মৈৰা কৰে নাদ।
সীতাক সুমৰি ৰামে কৰন্ত বিষাদ॥
কৈক গৈলে সীতা মোৰ বচন অমৃত।
প্ৰাণেশ্বৰী অবিহনে নধৰয় চিত্ত॥
স্বভাবে বাৰিষা কালে কাম অতিকে।
একো গোটা দিনে যাই এক বৰিষেক॥
ৰাঘবে বলন্ত লখাই নসহে পৰাণ।
শৰীৰক দহে মদনৰ পঞ্চ বাণ॥