পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
কিষ্কিন্ধ্যা কাণ্ড।

অসুৰক সম্বুধিয়া মাতন্ত সাগৰ।
হাউৰে অসুৰ তোক নুহু সম সৰ॥
হেমন্ত পৰ্ব্বত আছে তাত প্ৰতিৰণ।
ৰণক হৰিষে আসে তাক লাগি চন॥
শীঘ্ৰে আণ্টাইলেক হেমৱন্ত পৰ্ব্বতক।
দৰ্পে বুলিবাক লৈলা অসুৰ লটক॥
শুনি গিৰিৰাজা মহাদেৱৰ শ্বশুৰ।
মোকৰণ দিয়া তই চল যমপুৰ॥
হেমন্তে বোলন্ত মই তোক নুহু সম।
কিষ্কিন্ধ্যাৰ বালী বাজা তোৰ হৈব যম॥
যেবে পুনু মৰিবাক তোৰ আছে মন।
ঝাণ্ট কৰি তাৰ গৈয়া ভাঙ্গ মধুবন॥
দুৰ্ব্বাৰ অসুৰ সিটো বৰ ৰণ লুভি।
কিষ্কিন্ধ্যাক লাগি বেগে চলিলা দুন্দুভি॥
মহিষৰ ৰূপ ধৰি আসিলা দুৰ্ব্বাৰ।
ৰণক হৰিষে মাতে আটোপ টঙ্কাৰ॥
অগনি সমান ফুৰাৱয় দুই আঁখি।
শৃঙ্গ আগে পাৰিয়া উভৰাৱে মাটি॥
মেঘ খণ্ড খণ্ড হৱে পাইয়া লাঞ্জ ছাটি।
খুৰাৰ প্ৰহাৰে সবে পৃথ্বী যাই ফাটি॥