পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অসমীয়া ৰামায়ণ
১০১

দেশে দেশে ভাল যে দূত চলি যাউক।
প্ৰবন্ধিয়া ৰাৱণ সীতাক বিচাৰোক॥
নিষ্ট জানি আসিয়া জনাওক বাৰ্ত্তাক।
দুষ্ট ৰাবণক মাৰি আনিবো সীতাক॥
ৰামৰ বচন হেন সুগ্ৰীব শুনিলা।
বাচি বাচি দূত গণ আগক আনিলা॥
বিনোদক প্ৰথমত বুলিলা বচন।
ভাল ভাল বাচি লগে লৈয়ো দূত গণ॥
পূবদিশ প্ৰতি আপোনেহে চলি যাহা।
অবিলম্বে সীতাৰ বাৰ্ত্তাক জনাইবাহা॥
তাত পাছে বোলন্ত কহিৰ শতবলী।
উত্তৰ দিশক তুমি শীঘ্ৰে যাহা চলি॥
অপৰ্য্যন্ত দেশ তাক বৰ্ণাইবোহু কত।
কতো কতো কহো যিবা পৰয় মনত॥
বহল মালব কৰ্ণাট কামোজ।
মৎস্যৰ পুলিন দেবী ঋষি ৰাজ ভোজ॥
কৌৱৰ কুঙ্কৰ আৰো কঙ্ক নামে দেশ।
থানে থানে ভাল মতে খুজিবা নিঃশেষ॥
হেমন্ত হেমকোট নৈষধ অঞ্চল।
পৰ্বত গহ্বৰ বনে খুজিবা সকল॥