সমললৈ যাওক

পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩
অঅসমীয়া ৰামায়ণ।

আসিল সকল নাৰী,   ধৰি শুভ লগ্ন কৰি,
  শুভ দিন চাই শুভক্ষণ।
দুই পাট মহাদৈক,   অলঙ্কাৰে মণ্ডিলন্ত,
  অঙ্গচয় দেখি সুশোভন॥
সুবৰ্ণৰ সিংহাসনে,   সুগ্ৰীৱ নৃপতি আদি,
  লীলারুপে থাকিলন্ত বসি।
ডাহিনত লোমা দেবী,   বামত বসিলা তাৰা,
  নক্ষত্ৰ মাজত যেন শশী॥
ব্ৰাহ্মণ সকল সঙ্গে,   সুমঙ্গল কৰিলন্ত,
  পাতিলন্ত গণ-পতি ঘট।
নানাভঙ্গি ভাৱকৰি,   বিদ্যধৰী নাচেগাৱে,
  অসংখ্যাত গায ভাটনঢ
কোলাহল লাগি গৈল,   নগৰত ঢউভৈল,
  হুল স্থূল লাগি গৈলাতয়।
অসংখ্য শঙ্খৰ নাদে,   গগণ পুৰিযা গৈল,
  বন্ধুবৰ্গে কৰে জয় জয়॥
বীৰ ঢাক ঢোল বাজে,   তবধ দগধ দাণ্ড,
  শবদ শুনিয়া কোলাহল।
ভেমচ খমচি চয,   ঋঝৰ ৰেমচি বাজে,
  ৰামতাল আৰো কৰতাল॥