পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৬
কিষ্কিন্ধ্যা কাণ্ড।

সুগ্ৰীবে বোলন্ত সবে থাকা কাৰ্য্য বুজী।
তিনিও দিশত কেহোঁঁ নপাইলাহা খুজি॥
অঙ্গদক মাৰুতিক দিলো মহা ভাৰ।
তেসম্বে সীতাৰ বাৰ্ত্তা দিবে সাৰে সাৰ॥
দক্ষিণ দশক গৈল যতেক বানৰ।
ৰাৱণ সীতাক চাই ফুৰে নিৰন্তৰ॥
গোখোজ সমান কৰি চাহিলা বিচাৰি।
খুজিয়া নপাইলে সীতা জনক জীয়াৰী॥
সকল দিশত চাহি ফুৰো থানে থান।
অসুৰক দেখি যেন শমন সমান॥
শৰীৰৰ বৰ্ণ যেন মেঘে কৰে কান্তি।
দশন ভীষণ আতিশয় যোগ যান্তি॥
মহাক্ৰোধে অসুৰেসো কৰিলা আস্ফাল।
দুই হাতে অঙ্গদে ধৰিলা দুই শাল॥
বখযু পুত্ৰে দুইশাল হানিলা প্ৰচণ্ড।
মুঠি হানি অসুৰে কৰিলা খণ্ড খণ্ড॥
পৰ্ব্বতৰ শিখৰক হানিলা অসুৰ।
লাঠি হানি অঙ্গদে কৰি তাক চূৰ॥
মহা ক্ৰোধে দুয়োবীৰে কৰিলা হাম্ফাল।
মাল বান্ধে জান্তিয়া ধৰিয়া কোলে কোল॥